Nojoto: Largest Storytelling Platform

#আবেলি #abeli খণ্ড(৬) বসন্তৰ বা লাগিছে আবেলিৰ কল

#আবেলি
#abeli

খণ্ড(৬)

বসন্তৰ বা লাগিছে আবেলিৰ কলিজাত।
কপাহী উছাহৰ সঘন উঠা নমা এতিয়া 
গালত উপচি থাকে সেন্দুৰবুলিয়া ৰং
খবৰ নিদিয়াকৈ আহে নিতে নতুন অনুৰাগ,
এই হেঁপাহৰ নাম যদি প্ৰথম ভালপোৱা
ই বাৰে বাৰে নহয় কিয়????

"মই সদায় আছোঁ ‍তোৰ লগত"
নিজকে নিজে  কৈ চালে আবেলিয়ে।
 এবাৰ, দুবাৰ... বহুবাৰ।
যিমান বাৰেই কৈছে, সিমান বাৰেই কথাটো আকৌ নতুন হৈ উঠিছে, তাইক হাতত ধৰি এখোজ আগুৱাই লৈ গৈছে।
এই একেষাৰ কথাত ইমান শক্তি, ইমান সাহস!
দেউতাক নোহোৱা হোৱাৰ পৰাই অকলৰীয়া হোৱা আবেলিক এনে এষাৰ  কথা কোৱা মানুহ কোনো নাছিল, তাইৰ প্ৰাণ কপোৱা হাহাকাৰৰ ধুমুহাজাকক থমাব পৰা এনে এষাৰ কথা  বৰমাকে ক'ব খুজিও ক'ব নোৱাৰে, টুটি অহা আয়ুসৰ ৰেখা ডালে ক'বলৈ নিদিয়ে।

কিন্তু এতিয়া আগানে দিলে সেই অভয় বাণী,আবেলিৰ দিনবোৰ এতিয়া ধুনীয়া, ৰাতিবোৰ সুৰীয়া।

পাকঘৰত খৰখৰকৈ চলিছে আবেলিৰ হাত, মুখত অনবৰতে লাগি আছে এটা মিঠা হাঁহি।

বৰমাকৰ ঘৰখনত বিয়াঘৰৰ দৰে হুলস্থল। ঘৰৰ আটাইবোৰ মানুহ গোট খাইছে। ডাঙৰ পুত্ৰ জয়ন্ত, তেওঁৰ পত্নী মানসী, দুই কন্যা হিয়া আৰু ৰিয়া, মাজু পুত্ৰ দিগন্ত, পত্নী ৰশ্মি, আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ প্ৰিয়ম পৰহিয়েই ডুলিয়াজানৰপৰা আহিল। 
কলিকতাত থকা সৰুটো পৰিয়াল এইবাৰ বিহুত নাহিল। ছোৱালীজনীৰ কিবা পৰীক্ষা। ক্লাছ থ্ৰীত পঢ়া ছোৱালীৰ পঢ়াক লৈ এতিয়াৰ পৰাই ইমান চিন্তা কৰিবলগীয়া কি আছে সেয়া আবেলিৰ মগজে ঢুকি নাপায়। তাই মাত্ৰ জানে, বৰমাকে বিহুটোত এবাৰ আটাইবোৰকে একেলগে লগ পাব বিচাৰে। মানুহজনীৰ মানুহলৈ কিমান হেঁপাহ সেয়া তাই বুজে।
নিজৰ সন্তানে কিয় নুবুজে সেয়া হে তাই নাজানে।

 বছৰৰ বিহুটো আহিলে বৰমাকৰ কামৰ গতি খৰ হয়, ভৰিৰ বিষ পাহৰে। ফোনৰ উপৰি ফোন কৰে পুতেক বোৱাৰীকলৈ

"দুদিন আগত আহিব পৰিবিনে?"
"উৰুকাৰ দিনাও আহিব নোৱাৰিবিনে।"

সিফালৰ পৰা অহা উত্তৰৰ পাছত সলনি হয় মুখৰ ৰং, কেতিয়াবা আনন্দৰ বন্যা, কেতিয়াবা হুমুনিয়াহ।
আবেলিয়ে দেখে সকলোবোৰ, কেতিয়াবা বুজে, কেতিয়াবা নুবুজে।

যদিও এই মানুহবোৰৰ কাকোৱেই আবেলিয়ে বেয়া নাপায়, কিন্তু আপোন বুলিও ভাবিব নোৱাৰে। সেই আত্মীয়তা তেওঁলোকে নিজেও চাগে অনুভৱ নকৰে তাইৰ বা ঘৰ খনৰ প্ৰতি। চহৰত থকা শিক্ষিত মানুহ হিচাপে অতি চতুৰভাৱে ঘৰত থকা দিনকেইটা বৰ ধুনীয়াকৈ হাঁহি মাতি পাৰ কৰে। খুব মিলাপ্ৰীতিৰে থাকে, ফটো উঠে, ভিডিঅ' বনায়। যেন চিনেমাত দেখা আদৰ্শ পৰিয়াল এটাহে। সেইকেইদিন বৰদেউতাকৰ মাত কথাবোৰ শুৱলা হয়, বৰমাকৰ খুব যত্ন লয়।

 কিন্তু যিমান অভিনয় কৰিলেও তেওঁলোকৰ নিজৰ মাজত চলি থকা অঘোষিত প্ৰতিযোগিতাবোৰ আবেলিৰ চকুত সাৰি নাযায়।
বৰমাকেও বুজে, মাত্ৰ একো মাত নামাতে।
কেতিয়াবা আবেলিৰ আগত কৈ দুখ কৰে, কেতিয়াবা অকলেই চকুপানী টুকে।
আগৰ কথা মনত পেলাই হুমুনিয়াহ কাঢ়ে।
আজিকালি তেওঁ একো নিবিচাৰে ল'ৰাৰ পৰা, দৰৱ এটা আনি দে বুলিও নকয়। কৈ লাভ নাই বুলিও জানে। ইটোৱে সিটোলৈ পাচে সকলো কথা।
দেউতাকে ভৱাৰ দৰে সিহঁতেও মাকৰ কথাবোৰ বৰ বেছি গুৰুত্ব দিব লগীয়া কথা বুলি নাভাৱে।

: জয়ন্ত, মোৰ ৰূমৰ ফেনখন বৰ লাহেকৈ ঘূৰে, চাবি চোন এবাৰ। সেইখন বহুত পুৰণিও হ'ল।
: ফেন বাদ দিয়া মা,AC এটাকে লগাই দিম ৰ'বা।

আজি তিনি চাৰিবছৰে তেওঁ ৰৈয়ে থাকিল,AC ও নাহিল, ফেনখনো সলনি নহ'ল।
আঁঠুৰ বিষ বেছি হোৱা বুলি ক'লেই সৰুটোৱে বাহিৰত নি চিকিৎসা কৰাৰ কথা কয়, তাৰ পাছত তাৰ কিন্তু সময় কেতিয়াও নিমিলে।
আজিকালি  সেইবাবে আবেলিৰ বাহিৰে কাৰোপৰাই একো আশা নকৰে অৰুন্ধতীয়ে।
হ'ব, এনেকৈয়ে চলিব পাৰিব।
জীৱনৰ এই বিয়লি বেলাত আক্ষেপ কৰিবলৈও এলাহ লগা হৈছে, ভাৰ বোৰ কঢ়িয়াব পৰাকৈ মনত শক্তিৰো অভাৱ।
ঘৰলৈ নাতি পুতি আহিছে, সেয়াই বহুত।
ঘৰখন ভৰি আছে, বুকু খন তেনেকৈয়ে ভৰিছে।

***********

: আবেলি, তুমি চাহ বনাইছা নেকি?? মই কিবা হেল্প কৰি দিম নেকি?
: নাই নালাগে বৌ।
: তুমি ইহঁতৰ কাৰণে ৰুটিটো বনাই দিব পাৰিবা? জলপান নাখায় যে।
: হ'ব পাৰিম।
: ঠেংক ইউ দেই।
নিয়মমাফিক সহায়ৰ বাবে সুধি আকৌ নিজৰ কোঠালৈ বুলি গুচি গ'ল ডাঙৰ বৌয়েক। 
সময় আৰু সুযোগ বুজি কথা ক'ব জনা মানুহ, কাম কৰিব জনা মানুহ। অভিযোগৰ কোনো সুৰুঙা নাৰাখে।
ৰাতিপুৱাৰ পৰা সেইবোৰেই চলি আছে ঘৰত।
আজি ৰাতিপুৱা আটাইবোৰ মিলি ঘৰৰ চোতালত গৰু গা ধুৱালে। সকলোবোৰ যতীন দা, আগান আৰু আবেলি মিলি কৰিলে, তেওঁলোকে মাত্ৰ নিজৰ ল'ৰা ছোৱালীক এদিনতে অসমীয়া সংস্কৃতি শিকাবলৈ আপ্ৰাণ চেষ্টা কৰিলে। ইফালে এটাৰো মুখত অসমীয়া নুফুটেই। সিহঁতে নিজৰ মাজত ইংৰাজীতে কথা পাতে। মাক দেউতাক বাৰম্বাৰ মাতি থকাৰ পিছতো নাইনত পঢ়া ৰিয়া আৰু ছেভেনত পঢ়া প্ৰিয়ম সেইখিনি সময়ো মোবাইল আৰু আইপেড লৈয়ে ব্যস্ত হৈ থাকিল। 
গৰু গা ধোৱা চাবলৈ নাহিল ।

আবেলিক সিহঁত দুয়োটাই ঘৰৰ বনকৰা মানুহ হিচাপেই গণ্য কৰে। প্ৰথম দিনা আহি ৰিয়াই তাইক ইংৰাজীত পানী এগিলাচ খুজিছিল। মাকে অসমীয়াত আকৌ ভাঙনি কৰি দিছিল। আবেলিৰ হাঁহি উঠিছিল মনে মনে। 
তাইক পঢ়া শুনা নোহোৱা বুলি ধৰি লৈয়ে সকলোবোৰ ঘটি আছে।
: প্ৰিয়ম, বাবা অকণমান খোৱা আকৌ।
ছেভেনত পঢ়া ল'ৰাটোক মাকে পিছে পিছে ঘূৰি ঘূৰি ৰুটি খুৱাই, সি মোবাইল নেৰে।
মুখত লৈ গিলিবলৈ পাহৰি থাকে। চাই থাকিলে আবেলিৰ নিজৰে গৈ ঢকা এটা মাৰি দিওঁ যেন লাগে।
সিহঁতৰ বয়সত তাই ঘৰৰ দায়িত্ব কিছুমান নিজেই চমজি ল'ব পৰা হৈছিল।
সঁচা, সিহঁতৰ পৃথিৱী আৰু আবেলিৰ পৃথিৱী খন কিমান বেলেগ!!!

: বেলি, ইয়াৰ গামোচা খন কি কৰিলি, বস্তুবোৰ জেগাত নাপালে বৰ খং উঠে মোৰ।

এফালে ৰুটি, এফালে চাহ বনাই থকা আবেলিক চিঞৰিলে আগানে। ঘৰৰ সকলো পুৰুষ আৰু বৰমাকে ডাইনিং টেবুলত জলপান খাবলৈ বহিছে। আগতে বৰমাকে তাত স্থান নাপাইছিল। বৰদেউতাক আৰু তিনি পুত্ৰ মিলি জলপান খায়, এবেলা কথাৰ মহলা মাৰি উঠি নোযোৱালৈকে বৰমাক আৰু বোৱাৰীকেইজনী ৰৈ থাকে।
এইবাৰ কথাবোৰ সলনি হৈছে।
বৰদেউতাকৰ কাষৰ চকীখনত বহি বৰমাকে বিহুৰ জলপান খাইছে।
আগানে সলাই পেলাইছে পুৰণি নিয়ম।

হাতত আটাৰ লাডু এটা লৈ আবেলি পাকঘৰৰ পৰা ওলাই আহিছিল হে
: ইয়াতে মচিম দে।
তাইৰ চাদৰৰ আগটো নি মুখ খন মচি পেলালে আগানে। হাতত লাগি থকা ম'হৰ দৈৰ আঠাবোৰ তাইৰ আঁচলত লাগিল।
বৰমাকৰ লগত নামঘৰৰ পৰা আহি সলাই লওঁ বুলিও কাপোৰযোৰ সলোৱা নহ'ল তাইৰ।
পাতল সেউজীয়া ৰঙৰ কপাহী সূতাৰ কাপোৰ যোৰত এতিয়া ম'হৰ দৈৰ আঠা। নামঘৰলৈ বুলি কোৱা কাৰণে হে মাকে বাকচৰ পৰা উলিয়াই দিছিল তাইক।
কিন্তু আগানৰ লগত কাজিয়া কৰিবলৈও যে তাইৰ মন যোৱা নাই আজি।

: আগান কিয় কৰিছা এইবিলাক, তাই বেয়া পাব নহয়।

কাষৰ চোফাখনত বহি থকা মাজু জনী নবৌয়েক উঠি আহি বেলিৰ ওচৰত ৰ'লহি।

পিছে কেনেকৈ কয় আবেলিয়ে, তাই বেয়া পোৱা নাই আগানৰ এনেকুৱা ধেমালি।
ইমান আপোন মানুহক জানো বেয়া পাব পাৰি।
জীৱনৰ বাটত পোহৰৰ চাকি এগছ লৈ তাইৰ বাবে বাট চাই থকা সপোন এটাৰ নামেই হৈছে আগান।
: ঐ,বেয়া পালি?
 তাইৰ চকুলৈ চাই সোধা প্ৰশ্নটোৰ একো উত্তৰ নিদিলে বেলিয়ে।
: তুমি যেনেকৈ সুধিছা, তাই ভয়েই খাইছে চাগে।
:   তাইনো  ইয়াৰ পৰা গামোচা খন নি পাকঘৰত কিয় থৈছিলে।
: সেইবুলি তুমি তাইৰ চাদৰত মচিবা নে। ছোৱালী জনী ঠাণ্ডা মুণ্ডা বুলিহে। 
: অ' ঠাণ্ডা নে কি? এইটো মাজে মাজে মূৰৰ কামোৰণি। মোক প্ৰথম দিনাই কি কৰিছিলে সোধা চোন।
: কি হৈছিল বেলি?
: দে এইটো মোক দে। আৰু বৌক ক সেইদিনা কি হৈছিল।

আবেলিৰ হাতৰ পৰা আটাৰ লাডুটোলৈ পাকঘৰলৈ গৈ ৰুটি বনাবলৈ লাগি যোৱা আগানলৈ থৰ লাগি চাই থাকিল বেলিয়ে। 
: একো নাই হোৱা মাজু বৌ, এনেই কৈছে।
 পাকঘৰৰ দৰ্জাখনৰ ওচৰত ৰৈ বিহু গাই গাই ৰুটি বনাই থকা আগানলৈ  চাই থাকিল আবেলিয়ে।
মুগাৰ চোলাটো, কান্ধৰ গামোচাখন, ভৰিৰ সৰু গাঁঠি লৈকে বৈ থকা ধুতিখন ,যদিও এই সকলোবোৰ আগানৰ বান্ধি থোৱা চুলিখিনিৰ লগত মিলা নাই তথাপি দেখোন বেয়া লগা নাই। চাই থাকিলেও মন নভৰে।
এনেকুৱাই আগান।
অদ্ভূত, অথচ আপোন।
বিশৃংখল হৈও কেনেকৈ যে ইমান সুস্থিৰ।
শিপাডাল জোৰকৈ খামুচি লহপহকৈ বাঢ়ি যোৱা বৰগছ এডালৰ দৰেই ল'ৰাটো।
হাজাৰ ঢৌ, বতাহে চুই যাবহে পাৰে, লগত লৈ যাব নোৱাৰে।
বৰমাকৰ লগত নামঘৰলৈ যাওঁতে গাঁৱৰ প্ৰতিজন বয়োজেষ্ঠ্য মানুহৰ ভৰি চুই  আশীৰ্বাদ লৈ সৱকে আপোন কৰি পেলালে একেদিনাই।ডবা,কাঁহ বজোৱাৰ পৰা নামঘৰৰ প্ৰতিটো নিয়ম বিদেশত থাকিও পাহৰা নাই আগানে।
জেউতি পেহীয়ে কাঁহৰ বাটিত চাহ দিওঁতে দুবাৰ খুজি খুজি খোৱা, গাঁৱৰ ল'ৰাবোৰৰ সৈতে নামত বহা আগানক তেতিয়াও দূৰৰ পৰাই চাই আছিল তাই।

: বেলি, আহ মোৰ ওচৰতে বহি খাই ল হি।
: ৰ'ব চাহ খিনি আনি লওঁ বৰমা।
: চুপ চাপ বহি জলপান খাগৈ, মই কৰি আছোঁ নহয়।

আগানৰ একেটা ধমকিতে বেলি গৈ বৰমাকৰ ওচৰত বহি জলপান খাবলৈ লাগিল। ভজা চাউল, কোমল চাউল, চিৰা,মূড়ি, হুৰুম, দৈ, ক্ৰীম ভাগে ভাগে তাইৰ কাঁহীত সজাই দিলে বৰমাকে। লাৰু পিঠা সজাই আন এখন সৰু প্লেট ওচৰতে থ'লে।   মানুহজনীয়ে ইমান আদৰ যতন কৰি বনোৱা এটা বস্তুও নাতিয়েকহঁতে মুখত নিদিয়ে। সেইবাবে তেওঁ বেলিকে খুৱাইয়ে সন্তুষ্টি লৈছে।
: ইমানবোৰ কেনেকৈ খাম বৰমা?
: পাৰিবি খা চোন।
: খোৱা খোৱা, ঘৰত ইমানবোৰ বস্তু দেখিয়েই পোৱা নাই চাগে ন কেতিয়াও।  আমাৰ মাৰ আকৌ নিজৰ নাতি নাতিনীতকৈ তোমাৰ চিন্তা হে বেছি।

তাইৰ সম্মুখৰ চকীত বহি জলপান খোৱা ডাঙৰ বৌয়েকে কথাষাৰ কৈ তাইলৈ চালে, আৰু তাই বৰমাকলৈ। চকুকেইটা চলচলীয়া দুইজনীৰে।
: ধেমালি কৰিছোঁ, ইই তুমি বেয়াই পালা নেকি?

কথাটো অতি চতুৰালিৰে মিলাই থ'লেও আবেলিৰ সকলো আনন্দ নিমিষতে নাইকিয়া কৰাত  ডাঙৰ বৌয়েক সফল হ'ল।

চাহ জলপান খাই ঘৰৰ আটাইবোৰ দুখন  গাড়ীত উঠি ৰংঘৰৰ বাকৰিৰ বিহু চাবলৈ বুলি ওলাই গ'ল।  আগান আৰু যতীন দাও পুৰণি বাৰীখন চাবলৈ বুলি কেতিয়াবাই গৈ অহাই নাই।ঘৰত থাকিল আবেলি আৰু বৰমাক।
 গোটেই পাকঘৰৰ কামবোৰ দুইজনীয়ে মিলি কৰিও শেষ কৰিব পৰা নাই। ঘৰখন ইমান খেলিমেলি কৰি সৱ ওলাই যে যাব পাৰিছে। ভাবিয়েই আচৰিত লাগিছে বেলিৰ।
: থাকক দে এনেকেই, ইহঁত আহি কৰিব।
: নকৰে, আপোনাৰহে কাম বাঢ়িব।
: বাবাৰ বাহিৰে কাৰো মোলৈ চিন্তা নাই।
: মোৰ আছে নহয়।
: তই আছ বুলিহে বৰমাৰ জনী জীয়াই আছোঁ।
: আজি বিহুৰ দিনা সেইবোৰ থাকক।
: তই যা, মাৰে চিঞৰি আছে। গালি পাৰিব।
: সেইটোনো  কি নতুন কথা। সদায় বকিয়েই থাকে দেখোন।
: যা, বিহুৰ দিনা মাৰক একো বেয়াকৈ নক'বি। আৰু মই জলপান পিঠা পনা কেইটামান দিছোঁ লৈ যাবি। আৰু চা, এই বাবাৰ ৰূমতে মোৰ বিষৰ মলমটো আছে লৈ আনচোন।
: তাত কোনে থ'লে?
: ইহঁতবোৰে  ইফাল সিফাল কৰে বুলি সি মোৰ বস্তুবোৰ তাৰ ৰূমত থৈছেগৈ। সময়ে সময়ে দৰৱ দি থাকে খাবলৈ। যা লৈ আন। 

আগানৰ ৰূমত সোমাই দৰৱ বিচাৰি নাপায় টেবুলৰ খেলি মেলি বস্তুবোৰ ঠিক কৰাত লাগিল বেলি , কি কি যে গোটাই লৈছে সৰু টেবুল খনত।
: কি কৰিছ তই ইয়াত?
আগান হঠাৎ আহি ওলাবহি বুলি ভৱাই নাছিল তাই।
: বৰমাৰ বিষৰ মলমটো লাগে।
:গাৰুটোৰ তলতে আছে, লৈ যা।
টেবুলখনৰ নিচিনাই বিচনাৰো একেই গতি। অনবৰতে কিতাপ দুখনমান  থাকেই। আজিও কিবা এখন আধা পঢ়ি তেনেকৈয়ে থৈ দিছে। আবেলিয়ে কিতাপ খন জপাই মূৰত লগোৱা দেখি খিকখিকাই হাঁহিলে আগানে।
: হাঁহিবলৈ  কি হ'ল। এনেকৈ মেলি থ'লে সৰস্বতী উৰি যায়।
: ৰিয়েলি?
: বিদ্যা।
: কিতাপখনৰ নামটো কি পঢ়।
:"Power of letting go"
: তাৰমানে সৰস্বতী যদি যাব খোজে, মই যাবলৈ দিব পাৰিব লাগিব ন।
মনে মনে থাকিল আবেলি। বেছি কথা জানিলেও বেয়া। গুৰু গোঁসাই নমনা হয় মানুহবোৰ। গাঁৱৰে গুণদা আইতাই কোৱাৰ দৰে 'যিমানে পঢ়নি সিমানেই জহনি'।
চকীত বহি তাইৰ ফালে চাই হাঁহি থকা আগানলৈ বেকাকৈ এবাৰ চালে তাই। সি বাওঁফালৰ চেলাউৰি ডাল ডাঙি দেখুৱালে।

মলমটো উলিয়াবলৈ বুলি তাই গাৰুটোৰ তললৈ হাতখন সুমুৱাই দিলে।কিন্তু কাগজৰ টোপোলা এটাহে হাতত লাগিল। উলিয়াই আনি চাওঁতেই চকী খনৰ পৰা একেজাপে উঠি আহিল আগান। তাইৰ হাতৰ পৰা টোপোলাটো থপিয়াই লৈ গ'ল।
: ভাং? আপুনি ভাং খাই? ইয়ে.. চি চি মই এতিয়াই কৈ দিম বৰমাক... অ' বৰমা.. বৰমা..

বৰমাকক কথা লগাবলৈ বুলি দৌৰ মাৰিব খোজা আবেলিক ৰখাবলৈ গৈ টান মাৰি নিজৰ ওচৰলৈ চপাই আনিলে আগানে। মূহুৰ্ততে দৰ্জাখনৰ গাত ভেজা দি ৰৈ গ'ল আবেলি, মাত্ৰ এক ইঞ্চিৰ দুৰত্বত আগান।
দুটি অবুজ মনে একো নুবুজাকৈয়ে, নজনাকৈয়ে
ইটো সিটোৰ ওচৰ চাপি আহিল।

ডাঙৰ ডাঙৰকৈ চকু কেইটা মেলি আগানলৈ চাই থকা আবেলিৰ সৰু মুখনিত থুপি থুপিকৈ লাজৰ ফুল, 
এবাৰ গালত ফুলে, এবাৰ চকুত।
জেতুকা লগা হাতদুখনেৰে এতিয়াও তাই আগানৰ চোলাটোৰ কলাৰটো ধৰি আছে।
: চুপ একদম চুপ, নক'বি বৰমাক। যতীন দাৰ কাৰণে আনি দিছোঁ। মই খাবলৈ নহয়।
: বিদ্য শপত?
: উম, যা।

টানকৈ ধৰি থকা  আগানৰ সোঁহাতখন কঁকালৰ পৰা আঁতৰাই আনোতে জিকাৰ খাই উঠিল আবেলি।

: কি হ'ল?
:
: বেলি,এইয়া ক'ত দুখ পালি?
:
অলপ অলপকৈ শুকাবলৈ আৰম্ভ কৰা ঘাঁ টুকুৰা চাদৰখন দি ঢাকি থৈছিল আবেলিয়ে। কিন্ত এতিয়া সেইখন অলপ ইফাল সিফাল হৈ ঘাঁ টুকুৰা স্পষ্টকৈ ওলাই পৰিল।
: বেলি, তই ইয়াত কেনেকৈ দুখ পালি?
একো উত্তৰ দিব পৰা নাই বেলিয়ে, কেনেকৈ কি ক'ব। সঁচা কথা ক'লে যদি তাইকে ভুল বুজে সি। যদি আকৌ গালি পাৰে। যদি বাবুলক গৈ পিটে, যদি বেলিৰ মাকক গালি পাৰে।
মুখ খন আনফালে ঘূৰাই দিলে তাই।
: এন্তিছেপটিক লগাইছ ? শুকুৱা নাই ভালকৈ। বেলি, মোৰ ফালে চা।
এইবাৰ চকুকেইটা জপাই দিলে তাই।
অজান এক ভাললগাই উশাহবোৰ ঘন কৰি তুলিছে, ভাললগা নে ভালপোৱাই বুকু উপচাই তুলিছে কেনেকৈ বুজিব তাই।

আগানে এটা আঙুলিৰে আলফুলে চুই দিলে ঠাইখিনিত, ঘাঁ টুকুৰা দেখি তাৰ বুকুখনেও কষ্ট পাইছে। আবেলিয়ে কাৰণটো নক'লেও আগানে যেন অনুমান কৰিব পাৰিছে, সি এইবাৰ আবেলিৰ মুখ খন নিজৰ ফালে ঘূৰাই দিলে।
আগানৰ চকুৱে কৰা প্ৰশ্নবোৰৰ উত্তৰ আবেলিৰ অসহায় চকুযুৰিৰ পৰা বৈ অহা পানী দুটোপালে দি দিলে।
কিমান সময় যে দুয়োটাই তেনেকৈয়ে চাই ৰ'ল ইটোৱে সিটোক।
ইমান মৰমলগা মুখখনত ইমান বিষাদ সামৰি ৰাখিছে বেলিয়ে। 
বেলিৰ কপালৰ খেলিমেলি চুলিকেইডাল কাণৰ কাষলৈ ঠেলি দিলে সি।
 কেনেকৈ বুজাব সি বেলিক, সিও তাইৰ সমানেই কষ্টত আছে, তাৰ মনত তাতোকৈ ডাঙৰ ঘাঁ এটুকুৰা এতিয়াও কেঁচা হৈ আছে।
 তাক হানি খুচি শেষ কৰা মানুহো ঢেৰ আছে।
 সিও বেলিৰ দৰেই অকলশৰীয়া।
বাধ্য শিশুৰ দৰে তলমূৰকৈ ৰৈ থকা আবেলিৰ মুখখন আলফুলকৈ ধৰি তাইৰ কপালত ওঁঠযোৰ লগাই দিলে আগানে।
তাৰ পাছত বাওঁফালৰ গালখনত।
তাৰ ক'বলগীয়াখিনি ইয়াতকৈ বেলেগে কোৱা নাযায়।
বুজা নাযায়।
: যাগৈ যা বেলি।
: হাঁ..??
শুকাই যোৱা ডিঙিটোৰ পৰা মাত্ৰ এটা শব্দ হে ওলাইছে বেলিৰ।
: যা।
বাট এৰি তাইক যাবলৈ দিয়া আগানৰ চকুলৈ চাই তেতিয়াও একেঠাইতে ৰৈ আছে আবেলি।

(আগলৈ)   

#copyright
#indrani sarmah ba

©Kabita #kahaniya 
#love
#thiller

kabita7559768616191

Kabita

New Creator