ক্ৰমশঃ কেতিয়াবা, নীৰৱে কোনোবা নিলগত যাঁও বুলিয়েই হেৰাই যাব পৰা হ'লে... নষ্ট হৃদয়ত দস্ত হেঁপাহৰূপী বিষাক্ত পতংগটোক একেবাৰে নিক্ষিপ্ত কৰিব পৰা হলে.. উস্!ক্ৰমশঃ বাঢ়ি আহিছে... গাঢ় হৈ পৰিছে, বিনিদ্ৰ চকুযুৰীৰ তলত ক'লা দুটুকুৰা পোৱা-নোপোৱাৰ দাগ। নিস্পৃহ নিশাৰ নিস্তেজ আন্ধাৰত বুকুত মোৰ নামে এমুঠি জাংফাই জোনাক। নাই,মই এতিয়াও জনা নাই, মই এতিয়াও চিনা নাই আছে নেকি আৰু কিবা বাস্তৱ,বাস্তৱৰ আঁৰত? অইন এখন মুখা, পিন্ধি থকা সেই মুখাৰ ভিতৰত? ক্ৰমশঃ হেৰাই গৈছে... বিয়পি পৰিছে মোৰ সিক্ত শিতানত তেজে ধোৱা নীৰৱতা। এতিয়া.. মোৰ সৈতে আছে কেৱল অকপট অচল মোৰ মগজুৰ এটি চেপা বেদনা, কেঁচা কলিজাত বাকৰূদ্ধ কিছু জীয়া নিসংগতা। উস্! এয়াওটো মই এদিন হেৰুৱাই পেলা়ম, তাৰ লগে লগে নিশব্দে মইও... ক্ৰমশঃ... - ©দীক্ষিতা শৰ্মা #assamese #life #poem#love