Nojoto: Largest Storytelling Platform

মই দেখা পৃথিৱীখন সৰু এইধৰা এখন গাঁও য'ত জুতি লৈছো

মই দেখা পৃথিৱীখন সৰু
এইধৰা এখন গাঁও
য'ত জুতি লৈছো আইৰ হাতৰ পইতা ভাত মুঠিত ভোটজলকীয়া আৰু কাজি নেমুৰ সোৱাদ আৰু
ঠেটুৱৈ ধৰা শীতত জোহালৰ আগত জোপ মাৰি উম লোৱাৰ পৰতে খৰি এডালেৰে খুচৰি খুচৰি অঙঠাৰ মাজত সোমোৱা সৰু আলুগুটি..
ঘোটমৰা নিশাবোৰত চাও খিৰিকিৰে আফিঙৰ দৰে নিচা লগা জোন আৰু পুৱাবোৰত কিচিমিচি চৰাইজাকৰ কোলাহল..
মই দেখা পৃথিৱীখন সৰু..
য'ত আবেলিবোৰত উৰি ফুৰা জোনাকিপৰুৱা বোৰ মোৰ প্ৰিয় আৰু
বৰষুণ দিলে দীঘলকৈ উশাহত টানি লঁও কেঁচা মাটিৰ গোন্ধ...
--আংগাৰিকা #assamese poem