Nojoto: Largest Storytelling Platform

White পুৱাৰ ৭.২০ ত উঠি যাত্ৰা কৰিলোঁ, পৰীক্ষাৰ আশা

White পুৱাৰ ৭.২০ ত উঠি যাত্ৰা কৰিলোঁ,
পৰীক্ষাৰ আশাৰে বুকুত উৰুৱাই পৰিলোঁ।
পথৰ ভিৰ, পৰীক্ষাৰ্থীৰ হাঁহি মুখ,
পৰা দেখিবলৈ যাত্ৰা কৰিলে সকলোৰে বুকু।
মোৰো কেন্দ্ৰ আছিল ড° এছ. বি. সানৰাইজ স্কুল,
কেন্দ্ৰৰ চৌদিশে পৰীক্ষাৰ্থীৰ ভিৰে ভৰা, 
সকলোৰে মনত সপোনৰ ফুল।
চকু তুলি আমি বাট চাই, কেতিয়া আহিব সময়,
বাতৰি কঢ়িয়াই সপোনৰ দিন-ৰাতি।
ভালদৰে পৰীক্ষা দিয়া হল শেষ,
আত্মবিশ্বাসে পূৰ্ণ, মনত উজ্জ্বল দেশ।
ঘূৰিছো ঘৰে, কিন্তু বাটত ট্রেফিকৰ ঘোঁৰা,
পাটাচাৰকুছি পৰা পাঠশালা লৈ  গাড়ীৰ ধোঁৱা।
বাইকৰ ব্রেক মাৰি মাৰি আহোঁ,
হৃদয়ত সপোন, হাতত আছে মাটি সোহোঁ।
নোৱাৰিলেও বাটৰ বাধা, নচৰিলে সপোন,
মনত আছে আশাৰ মিঠা ধ্বনি সৰু বৰ্ণ।
পৰীক্ষাই মাথোঁ জীৱনৰ এটি পৰীক্ষা,
কিন্তু পথ বুজিলেই মিলিব সঠিক দিশা।
আজি নহ’লে কাইলৈ পাম সাফল্যৰ বাট,
আশা ধৰি ৰাখিছোঁ, মনত আকাশৰ উজাগৰ ৰাত।
"পথত বাধা থাকিলেও, যাত্ৰা নহয় শেষ,
কাইলৈৰ সপোনে উজ্জ্বল কৰিব জীৱনৰ দেশ।"

কবি - কুলদ্বীপ দাস

©Hero Tiger
  #ExamsOfLife