Nojoto: Largest Storytelling Platform

গাৰ্লফ্ৰেণ্ড °°°°°°°°°°°°°° মোক এজনী গাৰ্লফ্ৰেণ্ড

গাৰ্লফ্ৰেণ্ড
°°°°°°°°°°°°°°

মোক এজনী গাৰ্লফ্ৰেণ্ড লাগে ;
যাক মই প্ৰাণভৰি ভাল পাম 
আৰু
যিয়েই মোক প্ৰাণভৰি ভাল পাব ৷
কথা পাতিম হৃদয়ৰ পৰা হৃদয়ৰলৈ
গোপনৰ পৰা গোপনীয়তালৈ ৷
উলাহত নাচিব হিয়া
ঢালি দিম প্ৰেম পোৱাবোৰ
পাহৰি যাম অতীতবোৰ 
পুৰণিক পাহৰি নতুনক আদৰিম ৷

কলেজ ৰেষ্টুৰেণ্ট
নতুবা
বা’ৰ , লাইন ধাবাত
কিমাননো অকলেই উপভোগ কৰিম
তৃপ্তিৰ বাসনা ৷

আৰু নোৱাৰিছো
মোক এজনী গাৰ্লফ্ৰেণ্ড লাগে
বাউল হৈ পৰিছো

আহানা কোনোবাই
কোৱানা মইয়ে তোমাৰ ৷
প্লিজ এবাৰ কৈ চোৱানা 
কিমান মৰম দিব পাৰো
এবাৰ জুখি চোৱানা ৷

দায়িত্ববোৰ পালন কৰিম 
প্ৰেমত ফিডা হৈ যাম
নিৰ্লজৰ দৰে সকলোকে কম
তোমাক মই ভাল পাওঁ
তাই মোৰ জীৱনৰ 
বহুত কিবাকিবি ৷

মোক এজনী গাৰ্লফ্ৰেণ্ড লাগে 
মৰম দি মৰম ল’বলৈ
ব্যৰ্থতাৰ হতাশাত
উৎসাহিত কৰিবলৈ ৷

©Nipil Moran
  #Girlfriend 
#poem
#girlfriendshayari  Naincy Trivedi indira sanyogita Panday Tiya Aggarwal heartlessrj1297