Nojoto: Largest Storytelling Platform

জীয়া কাহিনীৰ উষ্মতাৰ কোবত.... সময়ৰ শুভ্ৰাবেশী পৃষ্

জীয়া কাহিনীৰ উষ্মতাৰ কোবত....
সময়ৰ শুভ্ৰাবেশী পৃষ্ঠাত লাগি ধৰে ,
ক্ৰমে অযুত কবিতা।

উশাহবোৰে আকাংক্ষাৰ বকুল বুটলিবলৈহে ওলাই যায়...।
এজাৰফুলা পদূলিত থমকি যোৱাৰ প্ৰয়োজনেইবা ক'ত.....?

তথাপিও অনাকাংক্ষিতভাৱে মেৰিয়াই ধৰেই .............
আঁউসীৰ কলা স্বপ্নই..!
(যেতিয়া শৰৎৰ সুবাসিনী নিশাবোৰকো ভেঁজাল যেন লাগে। )

আক্ষেপবোৰ যেন ইয়াততেই অৰ্থহীন ।
য'ত নেকি কবিতাৰ বিননিতচোন কেতিয়াবা.....,
নিশাহবোৰে প্ৰাপ্তিৰ হুমুনিয়াহটি নোপোৱাকৈয়ে পৰাণৰ লগ এৰে..! 🖤🖤
#yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry

nojotouser9103025844

sangita

New Creator