ভাল অনুভৱবোৰ🌸 ভাল অনুভৱবোৰ কি! হয়তো তাৰ মাজৰ এটি হʼব কাৰোবাক ভাল পাবলৈ ধৰা অনুভৱখিনি অনুভৱবোৰ স্থায়ী হৈ কেতিয়া থাকিব? এই অনুভৱবোৰক যদি দুয়োৰে নিশ্বাস হবলৈ দিও। হ্ৰদয়ৰ মন্থৰ ধ্বনিক অধʼগামি হবলৈ দিও। স্থায়ী কৰি ৰাখিম নে,ভাল অনুভৱখিনিক স্মৃতি কৰি সাচিম? এই অনুভৱবোৰক যদি অতীতৰ কনোবা এটা ভুলৰ লগত ৰিজাও তেতিয়াও অধʼগামি হবনে মন্থৰ উশাহবোৰ। নে মন্থৰ হৈ থমকি ৰব। ভাল লগা অনুভৱখিনিয়ে যদি ভুল হৈ ধৰা দিয়ে আমাৰ মাজত। তুমি বেছি কষ্ট পবা নে মই! ঠেহ পাতিবো হয়তো তেতিয়া লাজ অভিমানবোৰে, ভাল লগা অনুভৱখিনিয়ে। ঠেহ পাতিবলৈ দিয়া, ভাল লগাখিনি ভাল লগা হৈ এ থাকিব দিয়া এয়া হয়তো সময়ৰ আহ্বান। - মনিষা কলিতা #firstquote #poemtime #assamese #love #assamesewriters