Nojoto: Largest Storytelling Platform

মই নাথাকিলে """"""""""""""""""""" মই নাথাকিলে যদ

মই নাথাকিলে 
"""""""""""""""""""""
মই নাথাকিলে 
যদি তোমাৰ জীৱনলৈ
 জোনাক আহে  প্ৰিয়া ...।
যদি ওঠৰ ভাষাবোৰে গান হৈ নিগৰে 
 ন-সপোনে আহি যদি ওমলে
 হিয়াৰ গোলাপপাহিত
 গুচি যাম মই !!!
পৃথিবীৰ শেষ সিমালৈ
 
যন্ত্ৰনাৰ কোলাহলেৰে ভৰা
 এখন জীৰ্ণ ৰেলত উঠি  দুহাতৰ মুঠিত লৈ তোমাৰ

 স্মৃতিৰ পাপৰি ॥
প্ৰিয়া তুমি মোক আৰু হয়তো 
কেতিয়াও লগ নোপোৱা ॥ 

যদি কেতিয়াবা মনত পৰে
তোমাৰ মৌলৈকে
তোমালোকৰ এৰাবাৰীত থকা
অনুভবৰ পুখুৰীতো তুমি বুৰ মাৰি চাবা....
তেতিয়া তুমি মোক দেখা পাবা ..॥

 ✍ সঞ্জীত দাস w3
মই নাথাকিলে 
"""""""""""""""""""""
মই নাথাকিলে 
যদি তোমাৰ জীৱনলৈ
 জোনাক আহে  প্ৰিয়া ...।
যদি ওঠৰ ভাষাবোৰে গান হৈ নিগৰে 
 ন-সপোনে আহি যদি ওমলে
 হিয়াৰ গোলাপপাহিত
 গুচি যাম মই !!!
পৃথিবীৰ শেষ সিমালৈ
 
যন্ত্ৰনাৰ কোলাহলেৰে ভৰা
 এখন জীৰ্ণ ৰেলত উঠি  দুহাতৰ মুঠিত লৈ তোমাৰ

 স্মৃতিৰ পাপৰি ॥
প্ৰিয়া তুমি মোক আৰু হয়তো 
কেতিয়াও লগ নোপোৱা ॥ 

যদি কেতিয়াবা মনত পৰে
তোমাৰ মৌলৈকে
তোমালোকৰ এৰাবাৰীত থকা
অনুভবৰ পুখুৰীতো তুমি বুৰ মাৰি চাবা....
তেতিয়া তুমি মোক দেখা পাবা ..॥

 ✍ সঞ্জীত দাস w3
sanjitdas5231

sanjit das

New Creator