বিপ্লৱী ফাগুন সৰা পাতৰ উন্মাদনা আৰু নাই | ধূলিৰ ধুমুহাৰে তুমিময় স্বপ্নৰ গাঁথা লিখাৰ আহৰিও নাই | হয়তো সময়বোৰ আৰু তোমাৰ নামত ৰৈ নাই | নীলা,সেউজীয়া,হালধীয়া সকলো ৰঙৰ আজি মাথো এটাই নাম মৃগতৃষ্ণা | তোমাৰ নামত কবিতা লিখা উতলা ফাগুনৰ তুমি তুমি লগা পচোঁৱাজাক নাই | সৰাপাতৰ ইতিহাসবোৰে আজিও ৰিঙিয়াই তোমাৰ নাম | ধূলিলেটীয়া বতাহৰ মিঠা সুহুৰি যেন আজি মাথো গগণফলা চিঞৰ | ফাগুন যেন এতিয়া মাথো মোৰ বাবে বিপ্লৱ | যাৰ একমাত্ৰ সংগ্ৰামী মাথো মই আৰু মোৰ ছাঁ | এৰা, তোমাক পাহৰাৰ বিপ্লৱ | ঋকশিখা কাশ্যপ #assamesepoem #phagun