আমি অসমীয়া °°°°°°°°°°°°°°° স্ব-ভূমিতেই ভগনীয়া-মগনীয়া হয় আমিয়েই দুৰ্ভগীয়া ; নিদ্ৰাহীনতাত ককবকাই দুখে-ভাগৰে উচুপি বুকু চপৰিয়াই ভোকে-পিয়াহে অঘৰী জীৱন-যাপনে লাঞ্ছিত-বঞ্চিত আমিয়েই ভূমিপুত্ৰ অসমীয়া ৷ সময়ে সকীয়াই দিছে বন্ধু ; নদীৰ পাৰত নীৰৱে বহি বিমৰ্ষ মন লৈ অবাটে বাট নুবুলিবা কাৰোবাৰ তাচ্ছিল্যত সংযম নেহেৰুৱাই নিজৰ কৰ্তব্যত মনোযোগ দিয়া ৷ দুটি পাৰৰ মাজত ঢৌ খেলি খেলি বৈ থকা এই নদীৰ পানীত বৰশী নাবালেওটো বুজিছা নদীৰ গতি আৰু সময়ক ৷ এচপৰা এচপৰাকৈ গাওঁ খন দেখোন নদীৰ সোঁতত ৷ বন্ধু আবেলি হৈছে এইয়া বেলিটো দিগন্ত ৰেখাৰ তলৰ পানীত নাচিছে ৷ মুক্ত আকাশত সোৱা চোৱা ; পাহাৰৰ সিপাৰে এজাক চৰাই উৰি গৈছে ক্ষন্তেক পিচতে বেলি ডুবি আন্ধাৰ হ’ব ৷ হয়তো গাওঁবোৰত হাতী-বাঘৰ বিচৰণ হ’ব নষ্ট কৰিব পাৰে কাৰোবাৰ পথাৰ ভঁৰাল , খালি হ’ব পাৰে গোহালি গড়াল ৷ নিশাৰ নিৰ্জনতা ভেদ কৰি ময়ূৰে চিঞৰিব ; গঁড়ালত কুকুৰাই ডাক দিব আকৌ চিকুন পোৱা হ’ব ৷ কৈ থাকিলেটো শেষেই নহয় চৌপাশৰ পৰিবেশৰ কথা কূটনীতিত পোত যোৱা ৷ সৰসৰকৈ বৈ যোৱা চকু পানী মচি দিবলৈ কাষত চোন কোনোৱেই নাই আমি যে নিৰুপায় ৷ এটা কবিতা লিখিব নোৱাৰোঁ এগৰাহ হেপাঁহেৰে খাব নাপাওঁ এঘন্টাও চিন্তাহীন ভাৱে শুব নাপাওঁ তথাপি স্বাধীনতাক ভাল পাওঁ শ্ৰদ্ধাৰে পতাকা উৰাওঁ স্বাধীনতাৰ জয় গান গাঁও ৷ ***********@@@************ ✍️নিপিল মৰাণ 10/08/2022 5'45 PM ©Nipil Moran #AssamesePoem #HeartTouching #AsomiaKabita #AmiAsomia #Searching