Nojoto: Largest Storytelling Platform
bipashaborah4054
  • 358Stories
  • 448Followers
  • 1.9KLove
    478Views

✍মিছেচ কথাচহকী❤

...Born to express.......🤓 not to impress.........😏 MAJULI;ASSAME,INDIA join nojoto in12 july.. went to school of C.S.R.🏘 Read in class 11 arts.. please like and follow me❤❤

  • Popular
  • Latest
  • Video
a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

॥মোৰ অনুভৱী তুমি॥
তোমাৰ হৃদয়ৰ একোনত
সাজিছো মই আবেলিৰ ৰামধেনু,
তোমাৰ হীমচেঁচা দুৱাহুৰ মাজেৰে
বোৱাইছো যন্ত্রনাৰ জীয়া উশাহ..!
জোনাকৰ স্নিগ্ধতাত ডুৱি থকা
এটি অবুজ আৱেগেৰে,
       জিলিকি উঠে তোমাৰ দুচকুত...
               অপৰাজিতাৰ এটি আধৰুৱা কবিতা।
সপোনৰ হাতত ধৰি আহিছিলা
এদিন মোৰ হৃদয়ৰ মাজলৈ..
সপোন ভাঙি গৈছিলা
মোক আধৰুৱা কৰি;
এজাক এন্ধাৰৰ পক্ষী হৈ
উৰি গৈছিলা নাহৰৰ দেশলৈ।
মই আধৰুৱা কবিতাটি 
শেষ কৰিৱলৈ আকৌ
তোমাক বিছাৰি ফুৰিছিলো।
মই জনা নাছিলো জানা
তেতিয়া যে তুমি মোক এৰি...
বহু দুৰলৈ গুচি গৈছিলা।
কবিতাটি কিজানী আধৰুৱাই
হৈ থাকিৱ নহয়নে?
সেই দৰেই মইয়ো
 আধৰুৱা হৈ ৰ'ম জানা?
তোমাৰ অবিহনে?
     ✍বিপাশা বৰা।

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

সমস্যাবোৰে তেতিয়া লগ দিয়ে...যেতিয়া মই নিজৰ পৰাই আতৰি থাকিৱ বিছাৰো,,দুখবোৰো তেতিয়াহে আহে,যেতিয়া মই সুখৰ সংজ্ঞা বিছাৰি ফুৰু।
    ✍বিপাশা বৰা।

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

অহংকাৰ আৰু স্বাৰ্থপৰতা থকা 
মানুহৰ কেতিয়াও সুখ হ'বই নোৱাৰে,, 
তেওঁলোকৰ দুখৰ কোনো অভাৱেই
 নাথাকে।মোৰ অহংকাৰ অাৰু 
স্বাৰ্থপৰতা নাই বাবেই কিজানী 
সুখৰো অভাৱ নাই।সচাকৈয়েই 
মই ইমান সুখী যে দুখৰ অকনো 
অনুভৱেই নহয়।
            ✍বিপাশা বৰা।

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

ONE SIDE LOVE......?
     one side love নামটো শুনিছাই এটা অনুভূতি,আনন্দ আৰু এটা হাঁহি;যিটো একেবাৰে আপোনজনৰ বাবে নিজৰ হৃদয়ত থাকে।এইটো কিবা নাকামিনে,আপুনী প্ৰেমত হাৰি গৈছেনে?আপুনী দুখী হ'ব পাৰে কাৰণ আপুনী যিটো বিছাৰিছিল সেইটো নাপালে,আশাও বহুত আছিল কিজানী আপোন জনক পোৱা।মৰম ভালপোৱা বোৰ তেওৰ আগত প্ৰকাশ কৰা,কিন্তু অসম্ভৱ সেয়া;কষ্ট হৈছিল নহয়নে?বহুত দুখ হৈছিল?
   one side love ও এক প্ৰকাৰৰ গভীৰ ভালপোৱা; তুমি তেওক ভাল পালা..আৰু তেও আন কাৰোৱাক।তাতে কি হ'ল;তেওঁ তোমাক পচন্দ নকৰিলে আৰু তোমাৰ feelings বোৰ বুজি নাপালে;তাত তোমাৰ দৰকাৰ নাই,,সচাকৈয়েই একো দৰকাৰ নাই।কাৰণ তুমি তেওক ভাল পাইছিলা বহুত ভাল পাইছিলা।মানুহে হয়তো তোমাক হাঁহি উৰুৱাই দিৱ পাৰে তুমি one side love কৰিছিলা বুলি...তেতিয়া উদাসীন হৈ নপৰিবা।কাৰণ তোমাৰ ভালপোৱাৰ মুল্য তোমাতকৈ বেছি আৰু কোনেও নুবুজিব।তোমাৰ ভালপোৱা বোৰ কাৰোবাৰ yes বা no ৰ ওপৰত নিৰ্ভৰ নকৰে।তোমাৰ ভালপোৱা তোমাৰ ওপৰত নিৰ্ভৰ কৰে।এইয়া আনন্দ কেৱল তোমাৰহে কেৱল তোমাৰ।কাৰণ তুমি....ভালপোৱাক সন্মান দিছা;মৰমবোৰক আৰু জীপাল কৰিছা।অন্তঃত এতিয়া তুমি ছিঞৰি ছিঞৰি ক'ব পাৰিবা...প্ৰেম অমৰ...হয়..এইয়া সত্য..."হ'ব নোৱাৰিলো মই তোমাৰ উপযুক্ত কিন্তু তোমাৰ মুখত যদি হাঁহি দেখো,এতিয়াও মই পাগলৰ দৰে হাঁহো।" মই পাগল নহয়...কিন্তু তোমাৰ বাবে সাচি ৰখা ভালপোৱা বোৰেই মোক পাগল কৰিলে।

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

॥কোন আছিলা তুমি॥
তুমি হাঁহি হাঁহি পাছলৈ নাছাবাছোন
হৃদয়খনে কান্দি উঠে,
এদিন তোমাৰ সেই হাঁহি খনেই
মোক হহুৱাইছিল।
এদিন এৰি গ'লা
মই উচুপি কান্দিলো,
তথাপিও এতিয়া মই আনন্দিত..
কাৰণ হৃদয়ত ওলমি থকা
দুখ নামৰ কবিতাটোৱেই তুমি।
কিন্তু হৃদয়খন ইমান সহজ নহয় জানা
সহজে পাহৰি যাৱলৈ...
কি কৰো কোৱা?
তুমি ইমানেই সুখি যেন লাগিছে।
এতিয়া তোমাৰ সুখবোৰ চাই..
মই আকৌ হাঁহিছো।
কিন্তু তোমাৰ সুখবোৰে মোক হহুৱাব জানো?
তুমি অবিহনে জীৱনটো চাগে
আকৌ আৰম্ভ নকৰিম..
নোৱাৰিম চাগে হাঁহিৱলৈ?
মৰি যাম এদিন তেনেকৈয়েই!
তেতিয়া মোৰ বাবে তুমি
কষ্ট নোপোৱা হ'বা আৰু...
তুমি তেনেকৈয়েই সুখী হ'বা।
     ✍বিপাশা বৰা।

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

a42dd5c9ea767454fe35fcbceaf400c5

✍মিছেচ কথাচহকী❤

loader
Home
Explore
Events
Notification
Profile