Find the Latest Status about mgnrega assam from top creators only on Nojoto App. Also find trending photos & videos about, mgnrega assam.
Nibir Nibir
•- তাই বেইশ্যা-• ~•=••=•=••=•=••=•=••=~ তাইয়ো এগৰাকী নাৰী তাইৰো এখন বহল হৃদয় আছে বুজি তাইও পাই জীৱন, মৰম, ভালপোৱাৰ সংজ্ঞা... তাইৰ মনেও স্পৰ্শ কৰিব বিচাৰে পৱিত্ৰতাৰ আকাশখন । আজি তাই সকলো জানিও নজনাৰ দৰে প্ৰতিটো খোজত আজি তাই অনুতপ্ত । পৰস্থিতিৰ বাধ্যৰ বান্ধত তাই অসহায়ত নিজকে সমৰ্পিত কৰে যৌনতাৰ ভোকাতুৰ বোৰৰ ওচৰত.. সন্ধ্যা হলেই প্ৰতিদিনাই নামি আহে তাইৰ বাবে ঘোৰ অমানিশা সুগন্ধিত তাইৰ দেহত আন্ধাৰ হলেই ন ন গ্ৰাহকৰ দামা - দামী তাৰ পিছতেই আৰম্ভ হয় প্ৰতিটো পলে যৌন সংগ্ৰাম । ইমানকৈ তাইক শোষণ কৰাৰ পিছতো মুঠেও সিহঁতৰ নকমে যৌনতাৰ ভোক তথাপিও তাই নীৰৱে নিমাত হৈ ৰয় । প্ৰতিদিনাই বিবস্ত্ৰ হই তাই এমুঠি খোৱাৰ তাৰনাত... সহস্ৰজন ভোকাতুৰৰ সম্ভোগৰ ক্ষুধা নিবাৰণ হয় তাইৰ অনম্বৰ শৰীৰত শত সহস্ৰৰ সম্ভোগৰ ক্ষুধা নুমুৱাই হৈছে তাইৰ পেটপুজাৰ অন্যতম পথ.. সেয়ে এতিয়া আজিৰ সমাজত তাই এজনী চৰিত্ৰহীনা বেইশ্যা এয়াই তাইৰ জীৱন যুদ্ধ এযাই তাইৰ জীৱন গাথা ।। ✍️নিবিৰ ৰাজবংশী (পাঞ্জাবাৰী বতাহঘূলি) (২৩/০৫/২০২০) #Assam