Find the Best asomiakabita Shayari, Status, Quotes from top creators only on Gokahani App. Also find trending photos & videos aboutasomi tk in, aso lagan me shadi racha lem, asomi tk video song, asomi new song, new asomi song,
Nipil Moran
অবিৰত যাত্ৰা °°°°°°°°°°°°°°°°° নীৰৱতা আৰু নিসংগতাৰ সৈতে বহুদিনৰ চিনাকি ৷ এফুট দুৰত্বৰ দৃষ্টিত ৰঙৰ সৈতে খেলা কৰা আজি ত্ৰিশটা বছৰে অতিক্ৰম কৰিলে ৷ মাথোঁ নীৰৱতা আৰু নিসংগতা ৷ বিচাৰি পাওঁ তাতেই তৃপ্তিৰ বাসনা ৷ বাওঁ হাতে প্লেট ধৰি সোঁ হাতে ব্ৰাছ ধৰি পদাৰ্পণ কৰোঁ অন্য এখন পৃথিৱীত ৷ য’ত আছে শান্তি , সুখ-সান্নিধ্য কিম্বা জীৱনৰ ট্ৰেজেডী কমেডি ৷ মানুহৰ প্ৰয়োজনীয় সকলোবোৰেই ইয়াত আছে ৷ প্ৰেম ভালপোৱা , প্ৰাপ্তিৰ আনন্দ , জীৱনৰ সাফল্য ইত্যাদি অলেখ অযুত মানৱীয় কামনা ৷ দুচকুত নিদ্ৰা হেৰায় দুখ ভাগৰ সকলো পলায় ভোক পিয়াহেও পাৰকূল নাপায় ৷ নম্ৰতাৰ এইখন জগতত অকণো দুখ নাই ৷ আহিবা নেকি কোনোবাই মোৰহতে ? আহা হাতত ধৰি আগুৱাই দিম এখোজ আগলৈ ৷ যাবলৈওটো বাকী আছে বহুদুৰ এই যাত্ৰা ৷ ©Nipil Moran #অবিৰতযাত্ৰা #AbirotoYatra #AssamesePoem #AsomiaKabita #asomiakabita Mamta kumari Anjali Jain pinky masrani sanyogita Panday Ruchi Choudhary
#অবিৰতযাত্ৰা #AbirotoYatra #AssamesePoem #asomiakabita #asomiakabita Mamta kumari Anjali Jain pinky masrani sanyogita Panday Ruchi Choudhary
read moreNipil Moran
আমি অসমীয়া °°°°°°°°°°°°°°° স্ব-ভূমিতেই ভগনীয়া-মগনীয়া হয় আমিয়েই দুৰ্ভগীয়া ; নিদ্ৰাহীনতাত ককবকাই দুখে-ভাগৰে উচুপি বুকু চপৰিয়াই ভোকে-পিয়াহে অঘৰী জীৱন-যাপনে লাঞ্ছিত-বঞ্চিত আমিয়েই ভূমিপুত্ৰ অসমীয়া ৷ সময়ে সকীয়াই দিছে বন্ধু ; নদীৰ পাৰত নীৰৱে বহি বিমৰ্ষ মন লৈ অবাটে বাট নুবুলিবা কাৰোবাৰ তাচ্ছিল্যত সংযম নেহেৰুৱাই নিজৰ কৰ্তব্যত মনোযোগ দিয়া ৷ দুটি পাৰৰ মাজত ঢৌ খেলি খেলি বৈ থকা এই নদীৰ পানীত বৰশী নাবালেওটো বুজিছা নদীৰ গতি আৰু সময়ক ৷ এচপৰা এচপৰাকৈ গাওঁ খন দেখোন নদীৰ সোঁতত ৷ বন্ধু আবেলি হৈছে এইয়া বেলিটো দিগন্ত ৰেখাৰ তলৰ পানীত নাচিছে ৷ মুক্ত আকাশত সোৱা চোৱা ; পাহাৰৰ সিপাৰে এজাক চৰাই উৰি গৈছে ক্ষন্তেক পিচতে বেলি ডুবি আন্ধাৰ হ’ব ৷ হয়তো গাওঁবোৰত হাতী-বাঘৰ বিচৰণ হ’ব নষ্ট কৰিব পাৰে কাৰোবাৰ পথাৰ ভঁৰাল , খালি হ’ব পাৰে গোহালি গড়াল ৷ নিশাৰ নিৰ্জনতা ভেদ কৰি ময়ূৰে চিঞৰিব ; গঁড়ালত কুকুৰাই ডাক দিব আকৌ চিকুন পোৱা হ’ব ৷ কৈ থাকিলেটো শেষেই নহয় চৌপাশৰ পৰিবেশৰ কথা কূটনীতিত পোত যোৱা ৷ সৰসৰকৈ বৈ যোৱা চকু পানী মচি দিবলৈ কাষত চোন কোনোৱেই নাই আমি যে নিৰুপায় ৷ এটা কবিতা লিখিব নোৱাৰোঁ এগৰাহ হেপাঁহেৰে খাব নাপাওঁ এঘন্টাও চিন্তাহীন ভাৱে শুব নাপাওঁ তথাপি স্বাধীনতাক ভাল পাওঁ শ্ৰদ্ধাৰে পতাকা উৰাওঁ স্বাধীনতাৰ জয় গান গাঁও ৷ ***********@@@************ ✍️নিপিল মৰাণ 10/08/2022 5'45 PM ©Nipil Moran #AssamesePoem #HeartTouching #AsomiaKabita #AmiAsomia #Searching
Nipil Moran
#অনুশোচনা #AssamesePoem #Kobita #NipilMoran #নিপিল #anuhusona #realstoryofmylife #কবিতা
read more
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited