Nojoto: Largest Storytelling Platform

Best writersofassam Shayari, Status, Quotes, Stories

Find the Best writersofassam Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about how to write a poem about love that rhymes, quotes on love by famous writers, how to write love letter in marathi 110, write hinde love shayari, write name on love pic,

  • 6 Followers
  • 51 Stories

एक इबादत

#जिन्दगी को आसान बनाने के लिए, एक समय पर सबको किसी का प्यार भरा साथ चाहिए होता हैं, साथ ना हो तो किसी एहसास भी यादों के साथ बहुत आगे ले जाता हैं.... # yq Read my thoughts on @YourQuoteApp #storieswithAT #words #inspirationalquotesb #thewriterjunction #inspirationalquotes #writersofassam

read more
उनके साथ,

                एक यादगार पल ! #जिन्दगी को आसान बनाने के लिए, एक समय पर सबको किसी का प्यार भरा साथ चाहिए होता हैं, साथ ना हो तो किसी एहसास भी यादों के साथ बहुत आगे ले जाता हैं....
# yq 
Read my thoughts on @YourQuoteApp 
 
 #storieswithat #words #inspirationalquotesb #thewriterjunction #inspirationalquotes #writersofassam

sangita

#সন্ধ্যা #yqasssamese #yqbandhoi #writersofassam #asssamesepoem #অসমীয়া_কবিতা

read more
সন্ধ্যা
*******************
জোনাকৰ চাপৰিত
উশাহবোৰ মেলি দিওঁতে....!

বৈ যোৱা উশাহৰ চেঁচা হুমুনিয়াবোৰে,
ছায়াঘন তমসাৰ সুগভীৰ বুকুতেই আঁৰি দিছিল মোৰ বাবে, 
'সন্ধ্যা' নামেৰে এটি পোহৰমুখী কবিতা।।

সেই নিৰলা চাপৰিত  হাজাৰজনৰ ভঙা-গঢ়াৰ অংক। 
হৃদয়ে তাতে এৰি অহা শৰৎৰ বুৰঞ্জী লিখে। 
অথচ, বুৰঞ্জীৰ ৰঙচুৱা পৃষ্ঠাত শেৱালিৰ নামেৰে একো কবিতাই নাথাকে।

শূন্যতাৰ পৰিধি ছিঙি বৈ অহা অন্তিমটি স্তৱকত থাকে মাথোঁ ,
কিছুমান উত্তৰহীন সাঁথৰ আৰু পৰিচয় নথকা বিষাদিত সন্ধ্যাৰ সংজ্ঞা। 

সন্ধ্যা,
শেষবিহীন সমীকৰণ এটি .....
মোৰ হাঁহিত জিলিকে,
অথচ প্ৰতি সন্ধ্যা তৰাবোৰ আহে হিয়াৰ কাষৰলে,
মোৰ সৈতে গোপনে নিয়ৰৰ সাধুবোৰ শুনিবলে।


     #সন্ধ্যা
#yqasssamese #yqbandhoi 
#writersofassam #asssamesepoem 
#অসমীয়া_কবিতা

sangita

#বাঁহী #yqbandhoi #yqbaba #yqdidi #writersofassam

read more
হৃদয়লৈ হুহুৰিটি বৈ যাওঁতে....,
সময়ৰ বালিত পৰি ৰৈছিল হাজাৰটা নীলৰঙী কাহিনী। 
(কাহিনীবোৰচোন উৎস আছিল.....!
পলক্ষাৰৰ তুমুৰলিসিক্ত সেই তাহানিৰে কেইবাটাও কবিতাৰ।। )

::ইলিজীবোৰ যদি সুৰ হৈয়ে বৈ আহে!
তেন্তে আহিব দে বিষাদ এবুকু। 
বেজাৰৰ পৰা হাঁহিটি আজুৰি আনি আঁকি দিম সপোনবোৰো,
দিঠকৰ কাগজখিলাত---
ভূপালী ৰাগৰ পৰশতে।

:হয়..! পাৰে তেওঁ। 
সেই ৰাগকে মুঠি মাৰি এৰি দিব পাৰে তেওঁ.।
মুৰুলীৰে এহেজাৰটা সুমিষ্ট সুৰ।
যি দিচাংয়েদি বাগৰি বৈ যাব ধৰে....... 
ক্ৰমে শব্দৰ পৰা নিঃশব্দৰ পৃথিৱীলৈকে।। 
     #বাঁহী
#yqbandhoi #yqbaba #yqdidi #writersofassam

sangita

সদোটিলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাৰে❤❤ অনাগত দিনবোৰ শুভ হওঁক ✨ #yqbandhoi #yqbaba #yqdidi #writersofassam

read more
শৰৎৰ প্ৰান্তৰেখাক পৰশি, 
আঘোণী বিহগীয়ে কুৰুলিয়াই যাওঁতেই শুনিছিলো..
"আগতীয়া আঘোণৰ এটি জীপাল কবিতা"।

উনিশলা পাক দি ..,
আইক উম যাচা পোছাক গাঁঠি থকা দেখোঁতেই বুজিছিলো! 
সুখ-বেজাৰৰ পৰিধি মচি আঘোণৰ সোণৰঙী প্ৰাপ্তিক বুকুত বান্ধি,
হেমন্তৰ নিহালিৰ সুৰুঙাৰেই বাট সলাবলৈ হ'ল!
"নৱবৰ্ষৰ কেঁকুৰিটিলৈ বুলি"...
লগত লৈ এটি পুহমহীয়া চেঁচা কবিতা। 

পুৰণিবোৰটো স্মৃতি হৈ পৰি ৰ'ব  হৃদয়ৰ বাকৰিত ।
আশা : নতুনবোৰ এটি অভীপ্সিত  গীত হওঁক ,
সদৌটিৰে জীৱনৰ সৰণিত।।

 সদোটিলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাৰে❤❤
 অনাগত দিনবোৰ শুভ হওঁক ✨
#yqbandhoi #yqbaba #yqdidi #writersofassam

sangita

ৰ'দ পৰা কেঁকুৰিত.......,
এটি কাহিনীৰ অপেক্ষাত কাৰোবাৰ বাবে সাঁথৰ হৈ কবিতা লিখা হিয়াৰ ভাষাবোৰৰেই আন এটি অভিধা--"প্ৰেম"। #yqbandhoi #yqbaba #yqdidi #writersofassam

sangita

তেজেধোৱা পৃষ্ঠাবোৰ পুৰণি হ'ল...।
কাহিনীৰ সোঁতবোৰ অন্তঃসলিলা হৈ হ'লেও বৈ গ'ল। 
সেই তাহানিৰ পৰা আজিৰ এই সময়লৈ।

পুৰাবৃত্ত মেলিবা...।
আজিও দেখিবা ৰঙা তুমৰলিৰ ডোঙা। 
বতাহত উৰা জাতীয়তাবাদীৰ শব্দৰ উদাৰা...। 

প্ৰতিবাদ ক'ত নাই.....? 
আৱহমান হৈ আছে ই চলন্ত সময়ৰ বোকোচাত উঠি। 
প্ৰতিদাৰণ ক'ত নাই...? 
প্ৰতি দিনেই যেন ক'ৰবাত আৰম্ভ হয়...! 
আকৌ এখন ৰণৰ বাবে উষাযাত্ৰা। 

দিনলিপি জুখি জুখি আজিৰ ক্ষণক এবাৰলৈ পখালি চাবা..। 
সাহসী কলেৱৰৰ যুক্তিবাদীৰ সংজ্ঞাবোৰ জুকিয়াবা..।
তাতো পাবা--------
"এই সোণবৰণীয়া ভূমিত চিৰকালেই থাকিব 
অসমী আইৰেই সমস্ত শিৰা- উপশিৰাৰ অভিধা "।

মাটিৰ বুকুত বৈধ আৱাসীৰ সংজ্ঞাবদ্ধ স্বাক্ষৰ পৰাৰ পিছতো..! 
আপাততঃ কিয় বাৰু....? 
আত্ম-পৰিচয় ৰক্ষাৰ যুদ্ধৰ ৰণডংকা। 
উত্তৰত হ'ব হয়তো ..!চল-বল কৌশলেৰে শাসন কৰা পক্ষৰেই এক যুক্তিহীন সংজ্ঞা । 



     #yqbandhoi #yqbaba #yqdidi #writersofassam

sangita

অপৈণত আঁকবাঁকবোৰেও কৈ যায়.,
কিছুমান সঁচাকথীয়া বাৰ্তা......।
"ৰুগ্ন ক্ষণবোৰক পৰি ৰ'বলৈ দে,
নৈৰ বলুকাত ই নিজেই জাহ যাব কোনোবা এদিনা"।।

 সেইদেখি সায়াহ্ন সন্ধ্যাক আদৰণি জনাওঁতে, 
এহেজাৰ তৰাৰ ধেমালি চৰাত.,
মানসপটত জিলিকি ৰ'ল মাথোঁ এবুকু সন্ধ্যাতৰাৰ প্ৰভা। 

ক্ৰমে আবতৰীয়া এজাৰৰ সুবাসবোৰ.,
উৰি গ'ল নেদেখা বাটত।

আৰু কৈ গ'ল বিদায়ী পৰত......

"জীৱনৰ হাঁহিবোৰৰ যদি সৰাপাত হৈ সৰে.....! "
সময়ে জানো থমকি ৰ'ব কোনো অচিনা চুবুৰীত বাট হেৰুওৱা পথিক হয়...?

     #yqbandhoi #yqbaba #yqdidi #writersofassam

sangita

#ৰ'দ_পৰা-সুৰটি #yqbandhoi #yqbaba #yqdidi #writersofassam

read more
প্ৰতিখিলা শাৰদীয় পৃষ্ঠাত....
নিয়ৰে শেৱালিৰ সৈতে আলাপ কৰোতে....... 
কোনোবাই জানো শুনিছিল...? 
প্ৰণয়ৰ মৌন অধৰৰ ভাষা। 

সেইদৰে উত্তৰবোৰ গাই যাওঁতে তেওঁৰ হিয়াখনিয়েও সদায় উচুপে.।
কিন্তু ..! কোনোবাই জানো বুজে তেওঁৰো যে হৃদয়ত থাকিব পাৰে..,
এসাগৰ বিষাদ বাৰ্তা। 

শ্ৰুতাৰ তাগিদাত হাজাৰটা নিশা..., 
কেৱল বুৰঞ্জী লিখিয়েই পাৰ কৰে তেওঁ ।
জীৱনৰ বুৰঞ্জীক ছন্দ দি  সুৰৰ পয়স্বিনী বোৱাই আনোতে.., 
কোনোৱে লুণ্ঠিত অতীতক স্মৰণ কৰে..!
কোনোৱে আক' ক্লান্ত হৃদয়ক তেওঁৰ গীতেৰে এবুকু শীতল উশাহ বাকে। 

কিন্তু মই.........!

সুৰৰ বৰষুণজাকত তিতি - বুৰি দিন সলোৱা তেওঁক,
প্ৰিয় ৰূপে যেতিয়া সুধিছিলো......।
"মোৰ ৰ'দৰ কবিতাটিৰ কথা"। 
ব্যস্ততাই কামিহাড় চোৱাৰ অজুহাত দি ,
মোৰ অভিমান ভাঙি তেওঁ মাঁথো কেৱল মোলৈ বুলি গুণগণাই দিছিল.. 
মোৰ প্ৰিয় গীতটিৰ মালিতা। 


 #ৰ'দ_পৰা-সুৰটি
#yqbandhoi #yqbaba #yqdidi #writersofassam

sangita

কিমান ভৌগোলিক দুৰত্ব বাঢ়িলে...!
হৃদয়ৰ বিচ্ছেদ হয়?

কিম্বা কিমান দিন- ৰাতিৰ পাৰ্থক্য বাঢ়িলে..!
প্ৰণয়বোৰ মৰহি যায়? 

এই কিছুমান উত্তৰ.......,
ধূসৰিত বাবেই হয়তো.... !

এই প্ৰেম হৰ্ষ- বিষাদৰ এক জীয়া কাহিনী।
"সৃষ্টিৰ বাটকটীয়া এক মিঠা ৰাগিণী। " #yqbandhoi #yqbaba #yqdidi #writersofassam

sangita

ভালপোৱাবোৰ শিপাই যায়.... হৃদয়ৰ আকলুতাৰ সিপাৰে, বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ। "জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। " প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি। #assamesepoetry #yqbandhoi #yqassamese #writersofassam #assameselovepoetry

read more
ভালপোৱাবোৰ শিপাই যায়.... 
হৃদয়ৰ আকলুতাৰ সিপাৰে, 
বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ।

"জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। "

প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... 
কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি।

জীৱন উপন্যাস( মোৰ)!
অথচ হাঁহিৰ চৰিত্ৰটি প্ৰৱেশ কৰাবলৈ তেওঁজন ব্যস্ত হৈ আছে ...,
সুৰৰ লহৰৰ মাজত জীৱন যুদ্ধ কৰি।। ভালপোৱাবোৰ শিপাই যায়.... 
হৃদয়ৰ আকলুতাৰ সিপাৰে, 
বিশ্বাসৰ সোৱণশিৰিৰ সুগভীৰ বুকুলৈ।

"জীৱনৰ গীতবোৰে ইয়াতেই যেন লাভ কৰে সুৰসপ্তক। "

প্ৰখৰ ৰ'দত পৰাণে তিতি তিতি আছে.... 
কাইলৈ বুলি জীৱনৰ সুখ বিচাৰি।
loader
Home
Explore
Events
Notification
Profile